২০২২-২০২৩ বৰ্ষৰ বাবে অসম এথলেটিকচ্ সন্থাৰ আগন্তুক ক্ৰীড়াৰ কাৰ্যসূচী

2022-06-05

ইং ৫/৫/২০২২ তাৰিখে  গুৱাহাটীস্থ ভিভান্টা বাই তাজ হোটেলত অনুস্থিত হোৱা অসম এথলেটিকচ্ সন্থাৰ বাৰ্ষিক সাধাৰণ সভাৰ সিধান্ত মৰ্মে ২০২২-২০২৩ বৰ্ষৰ বাবে অসম এথলেটিকচ্ সন্থাৰ আগন্তুক ক্ৰীড়াৰ কাৰ্যসূচী:

১। চলিত বৰ্ষৰ জুলাই মাহৰ গ্ৰীষ্ম বন্ধত জিলা সমূহত এথলেটিকছৰ প্ৰশিক্ষণ শিবিৰ।

২। অক্টোবৰ মাহত ৰাজ্যিক পৰ্যায়ৰ আৱাসিক প্ৰশিক্ষণ শিবিৰ।

৩। শিক্ষা বিভাগৰ সৈতে আন্তঃজিলা বিদ্যালয় এথলেটিকচ্ প্ৰতিযোগিতা পতাৰ বাবে সিধান্ত।

৪। অলিম্পিক স্বৰ্ণজয়ী নিৰজ চোপ্ৰাৰ পদকপ্ৰাপ্ত দিনটোতেই প্ৰতিখন জিলাতেই জেভলিন থ্ৰ’ প্ৰতিযোগিতা।

৫। নৱেম্বৰত মাহত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জুনিয়ৰ এথলেটিকচ্ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহন।

৬। মুম্বাই আৰু দিল্লীত অনুষ্ঠিত হৈ অহা মাৰাথান প্ৰতিযোগিতাৰ আৰ্হিৰে অসমতো পুৰুষ-মহিলা উভয়ৰে আন্তঃৰাষ্ট্ৰীয় মাৰাথান প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ সিদ্ধান্ত গ্ৰহন।

৭। অসমভিত্তিত নিদিষ্ট ইভেণ্ট অনুযায়ী প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহন।